সপোন,
মোৰ বাবে সহানুভূতিৰহে এটি মাথো শব্দ |
নোপোৱাৰ বেদনাই উন্মাদ কৰিবই,
মোৰ জীৱনৰ আকাশ-পাতাল দিকহাৰা অন্ধকাৰত নিমজ্জিত,
মোৰ চকুৰে বোৱা এটি এটি অশ্ৰুমুদ্ৰাৰ মুল্য নুবুজিলা তুমি,
হে সপোন,
দিঠক হ’বানে কেতিয়াবা ??
দিবানে ঘুৰাই আকৌ মধুৰ দিনবোৰ,
এখিলা উকা কাগজৰ দৰে মোৰ দুখে কৰে ৰিক্ততা |
সপোন,
তুমি আহিবানে ঘুৰি,
জগাই দিবাহি মোক আকৌ এবাৰ কোনোবা এদিন ৰতিপুৱা........