Saturday, 17 January 2015

এটি প্ৰহেলিকাময়ী হাঁহি

মমডালৰ লেলিহান শিখাই
বাৰুকৈয়ে আঘাত জন্মাইছে
মোৰ চিন্তাৰ খোৰাকত |
শাশ্বত তোৰ হাঁহিটো
ক্ষনস্থায়ী আছিল,
তই যেন বন্ধকত থৈ গলি
মোৰ হৃদয়ৰ সোমাজত |
ৰম্যৰ উৰ্মিত উৰি ফুৰে মোৰ আকিঞ্চন
তোৰ হাঁহিৰ সন্ধি ভাঙিবৰ চেষ্টা |

অৱসাদৰ কিঞ্চিত সময় নাই,
চিন্তাবোৰ মমডালৰ নিচিনাকৈয়ে
এটোপ-দুটোপ কৈ নিঃ শেষ হৈ গৈ আছে ,
আজিও বুলি নাপালো মই

তোৰ প্ৰহেলিকাময়ী হাঁহিটোৰ আঁৰত কি লুকাই আছিল |

Monday, 30 December 2013

sculptor

the desire lasts in me,
with my gentle hands
the chisel caresses you...
giving birth to a life.

i am the sculptor

Saturday, 30 November 2013

a cyber flowering


so this article was published on the Assamese daily "The Assam Tribune" which has its say on the initial use of Assamese fonts on internet and how it has transformed into a much bigger revolution today. 



Thursday, 25 October 2012

stubborn is my heart


Your coquettish ways broke many hearts
And I am one of them.
What has cost me more is,
I am being diffident.
The days are filled with ennui,
And there is never an Elysian life without you.
About you what I feel is ineffable,
Yet I know these are nugatory thoughts.
I tried to extricate myself
From the chimerical dreams.
But you know my heart is obdurate,
I feel the paucity of your love,
Loving you is my passion,
I have a penchant for you,
But your coquettish ways broke many hearts
And I am one of them…..

Wednesday, 5 September 2012

লিমাৰিক


(১)
মহে কাইমৰেলি দুখুন তোমাক লেগিন মনত পৰে
এটা সময়ত তুমিও মোক সিনকে কাইম্‍ৰ মনত ভাহি উঠে
হঠাত্‍ আহিল প্ৰেম জীৱনত ধুমুহা
ভাঙি থৈ গেলা তুমি মোৰ কলিজা
সেইকাৰণে মহে কামৰেলি দুখুন মনতু কান্দি উঠ্‍বা খুজে |

(২)

হাড়ৰ ঘাম মাটিত পেলাই হাল বাই খাওঁ
মন্ত্ৰীগোটে বোলে এ.চি গাড়িৰে ধূলা উৰাই যাওঁ
কথা আমাৰ বৰ ৰসাল
ভুৱা প্ৰ্তিশ্ৰুতিৰ পকা কঠাল
ৰাতি বোলে টোপনি খতি হৈছে বিধানসভাত শুবলৈ যাওঁ | 

মাজনিশা ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ


যেতিয়া স্তব্ধ হয় জনজীৱন,
যেতিয়া শান্ত হৈ বলে বতাহ,
যেতিয়া জলামগ্ন হৈ পৰে গোটেইখন জোনৰ ৰূপালীৰে,
শিহৰণ সানে যেতিয়া জিলিৰ মাতে,
তেতিয়াই ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |

সেই সুৰত মিহলি হৈ থাকে
দিনটোৰ অজশ্ৰ কাহিনীবোৰ,
ঘৰ্মাক্ত হৈ সৰি পৰা প্ৰতি টোপাল ঘামবোৰেই যেন
একোটা একোটা কাহিনীৰ স্বৰূপ |

ক’ত জ্বলিছে জুই হিংসাৰ
কত ঘৰ-বাৰী পুৰি হ’ল ছাই
হাহাকাৰ কৰি উঠে নিষ্পাপ শিশুবোৰে
সিহঁতৰ কান্দোনৰ কলৰোল
পেটত গামোছা বান্ধি দিন কটোৱা
মাক-বাপেক হতেঁ ধ্বংস হোৱা
ধানৰ ভৰাল চাই,
মোহাৰি দিয়ে আশা নিজৰ
এখন সংসাৰ সুখৰ সুদূৰ ভৱিষ্যতৰ |

আইৰ চকু নিথৰ গোসাইঘৰৰ নুমাই যোৱা
চাকিগছিৰ ওপৰত |

প্ৰ্তিধ্বনি শুনো চৌপাশে
হিয়া ভগা কান্দোনৰ |

সেই কান্দোনবোৰেই সংমিশ্ৰিত হৈ
ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |

এয়া মাথো আজিৰ ঘটনা নহয়,
দিনৰ শেষত যেতিয়া নিশা সকলো শান্ত হৈ পৰে
তেতিয়াও শুব নিদিয়ে বিষাদৰ সুৰটোৱে,
বিচনাত উঠি বহি ৰওঁ মই,
খিৰিকিখন খুলি উমান লবলৈ চেষ্টা কৰো
সুৰটোৰ সৃষ্টিস্থল |

এয়া কোন চিত্ৰগুপ্ত,
দিনৰ সকলো সময়বোৰ সমীৰৰ সোতঁত মেলি দিয়ে
নিজৰ কৰুণ হাতৰ পৰশত |

এতিয়া ৰদে নানে কঢ়িয়াই নতুন আশাৰ বতৰা
দিনবোৰ হৈ পৰিছে দাৱানল হিংসাৰ অমাৱশ্যা,
অথচ ম্লান পৰে যেতিয়া দিনটোৰ কোলাহ’ল
মাজনিশা ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ ||


মন বৰষুনৰ


বৰষুন মানেই সৃষ্টি আন এক কবিতাৰ
শব্দ যাৰ শিৰমনিত আছে
অলেখ কাহিনী প্ৰেমৰ,কিছু সুখ কিছু দুখৰ |

বৰষুন আহিলেই আগুৰি ধৰে ভাবনা বোৰে,
খেপিয়াই ফুৰে অমগ্ন মনে স্মৃতিৰ কুশলী হাত |
ডাৱৰ ফালি ওলাই আহে টোপালবোৰ,
লগত লৈ আনে তাৰ অযুত স্বপ্ন
অথচ খবৰ লওঁতা কোনো নাই |

বৰষুন যাক আহিলেই বাহিৰলৈ ওলাই যাওঁ,
আকাশমুৱা হৈ মুদি দিওঁ চকু দুপাহি
ধৰি ৰাখো শৰীৰত সৃষ্টিৰ বিপুল সম্ভাৰ ||