যেতিয়া স্তব্ধ হয় জনজীৱন,
যেতিয়া শান্ত হৈ বলে বতাহ,
যেতিয়া জলামগ্ন হৈ পৰে গোটেইখন জোনৰ ৰূপালীৰে,
শিহৰণ সানে যেতিয়া জিলিৰ মাতে,
তেতিয়াই ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |
সেই সুৰত মিহলি হৈ থাকে
দিনটোৰ অজশ্ৰ কাহিনীবোৰ,
ঘৰ্মাক্ত হৈ সৰি পৰা প্ৰতি টোপাল ঘামবোৰেই যেন
একোটা একোটা কাহিনীৰ স্বৰূপ |
ক’ত জ্বলিছে জুই হিংসাৰ
কত ঘৰ-বাৰী পুৰি হ’ল ছাই
হাহাকাৰ কৰি উঠে নিষ্পাপ শিশুবোৰে
সিহঁতৰ কান্দোনৰ কলৰোল
পেটত গামোছা বান্ধি দিন কটোৱা
মাক-বাপেক হতেঁ ধ্বংস হোৱা
ধানৰ ভৰাল চাই,
মোহাৰি দিয়ে আশা নিজৰ
এখন সংসাৰ সুখৰ সুদূৰ ভৱিষ্যতৰ |
আইৰ চকু নিথৰ গোসাইঘৰৰ নুমাই যোৱা
চাকিগছিৰ ওপৰত |
প্ৰ্তিধ্বনি শুনো চৌপাশে
হিয়া ভগা কান্দোনৰ |
সেই কান্দোনবোৰেই সংমিশ্ৰিত হৈ
ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |
এয়া মাথো আজিৰ ঘটনা নহয়,
দিনৰ শেষত যেতিয়া নিশা সকলো শান্ত হৈ পৰে
তেতিয়াও শুব নিদিয়ে বিষাদৰ সুৰটোৱে,
বিচনাত উঠি বহি ৰওঁ মই,
খিৰিকিখন খুলি উমান লবলৈ চেষ্টা কৰো
সুৰটোৰ সৃষ্টিস্থল |
এয়া কোন চিত্ৰগুপ্ত,
দিনৰ সকলো সময়বোৰ সমীৰৰ সোতঁত মেলি দিয়ে
নিজৰ কৰুণ হাতৰ পৰশত |
এতিয়া ৰদে নানে কঢ়িয়াই নতুন আশাৰ বতৰা
দিনবোৰ হৈ পৰিছে দাৱানল হিংসাৰ অমাৱশ্যা,
অথচ ম্লান পৰে যেতিয়া দিনটোৰ কোলাহ’ল
মাজনিশা ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ ||