Wednesday, 28 December 2011

অস্তপথ


নোহোৱা হৈ যাবলে ধৰা
সূৰ্যৰ হেঙুলী কিৰণৰ সোন্দৰ্য্য দেখুৱাই,
অলপ সময়ৰ বাবে মতলীয়া কিয় কৰা ?
জানাই পিছ মূহুৰ্ত্তত হবগৈ এন্ধাৰ
এনেদৰে সপোন দেখুৱাই ভাঙি পেলোৱা কিয় ?
ডুবিব ধৰা সূৰ্য চাবলৈহে ধুনীয়া ,নহয় জানো...
কিন্তু ক্ষন্তেকিয়া....
        তোমাৰ নিচিনা || 

Thursday, 15 December 2011

আৰু নাহোঁ উভতি


ওলালো দূৰ সুদূৰলৈ
আকাশৰ নিলীমলৈ
                   নাহোঁ উভতি,
ত আশা নিৰাশাবোৰ
চোতাল ভৰা শেৱালী ফুল
                   নাচাওঁ ঘুৰি |

মোৰ মন প্ৰাণ দিকহাৰা
এন্ধাৰৰে প্ৰতিচ্ছবি,
সাঁচি থোৱা স্বৰ্গীয় পাৰিজাতো
শুকাল আজি |

স্নেহবন্ধনৰ শিকলি ছিঙি
মায়া-মোহৰ স্বপ্ন ভাঙি
যাওঁ অসীমলৈ,
আৰু নাহোঁ উভতি || 

Monday, 5 December 2011

A summer evening


A summer evening,
I was walking through the roads alone..
The memories of the past,
Was following me all along.
And then I saw the place,
Where we first met each other….
And the rain came down,
To add the fragrance of love.
You and I,
And the rain forever,
All these butterfly thoughts,
In my mind every now and later….
And you say to me,
We should walk in the rain together,
Holding our hands
The romance was all over that place…
I held you tight,
And a gentle kiss on your lips….
But suddenly I seem so lost,
Don’t know what to do and I cry the nights,,
And it’s all over….
When you said that to me and I was shattered…..
I don’t know what went wrong,
I begged you to come back again in my life,
It was all clear,
You hurt me being harsh to me,
Oh you are in love with someone other….
But I am still,
In love with you my little sweetheart…….
And I am back home ……
From that summer evening,
Where I was walking along with those memories…………..

Tuesday, 25 October 2011

মাতাল

নালাগে মোক
এটুপিও মদ...
লাগেনো কিয় ???


মাতাল হ’বলে যে তোমাৰ এধানি
চকুৰ পলকেই যথেষ্ট ....|||

Tuesday, 16 August 2011

নৈৰ পাৰৰ এসন্ধ্যা


(  নৈৰ পাৰত কটোৱা এটি সন্ধিয়াৰ বৰ্ণনাৰে)


এটি সন্ধিয়া বিচাৰিছিলো,
যত আছে এখন নদী,
 তাত মৃদু বতাহ বলি আছে,
আৰু তাৰ পাৰে পাৰে মই
    খোজকাঢ়ি ফুৰিছো,
নাজানো কলৈ....নীলিমলে চাগে |
আৰু এই মধু ক্ষনৰ সাক্ষী হৈ ৰ’ল
সেই মাৰ যাব খোজা বেলিটো,
আৰু প্ৰেমিক প্ৰেমিকাৰ প্ৰেমত
ৰূপালী শইচ সানিবলে ওলাই অহা
     জোনবাই |
পিছে মোক লাগে কিছু সময় অকলসৰে কটাবলে,
কোলাহল বোৰৰ পৰা বহু দূৰত |
নদীত ভাহি উঠে জোনৰ প্ৰ্তিচ্ছবি,
পাৰত বহি মই সেইটোলৈ চাই ৰওঁ,
কাৰণ তাত চোন তোমাক দেখা পাওঁ|
মনলে আহে বহুত কথা,সেইসবক জীপাল কৰি তোলো..
হয়,তোমাকেই বিচাৰি আহিছিলো,
আৰু বিচাৰি পালো......
বিচাৰি পালো তোমাক মই সেই নদীখনত,
সেই বতাহ যাকত,
সেই জোনৰ প্ৰ্তিচ্ছবিত...সকলোতে.......


উভতি আহিবৰ মন নাছিল,পিছে নিশা হৈ আহিছে বহুত..
এটি দীঘলীৱা উশাহ লৈ আকৌ উভতি আহিলো,
যান্ত্ৰিকতাৰে ভৰা কংক্ৰীতৰ এই মহানগৰ খনলৈ.......

Thursday, 23 June 2011

সপোন, তুমি আহিবানে ঘুৰি


সপোন,
মোৰ বাবে সহানুভূতিৰহে এটি মাথো শব্দ |
নোপোৱাৰ বেদনাই উন্মাদ কৰিবই,
মোৰ জীৱনৰ আকাশ-পাতাল দিকহাৰা অন্ধকাৰত নিমজ্জিত,
মোৰ চকুৰে বোৱা এটি এটি অশ্ৰুমুদ্ৰাৰ মুল্য নুবুজিলা তুমি,
হে সপোন,
দিঠক হ’বানে কেতিয়াবা ??
দিবানে ঘুৰাই আকৌ মধুৰ দিনবোৰ,
এখিলা উকা কাগজৰ দৰে মোৰ দুখে কৰে ৰিক্ততা |
সপোন,
তুমি আহিবানে ঘুৰি,
জগাই দিবাহি মোক আকৌ এবাৰ কোনোবা এদিন ৰতিপুৱা........

Saturday, 28 May 2011

MY THIRD LEVEL

my tears...
like the drops of the monsoon,
never ending,flows to merge with the river
and gets lost there....
like me,
still lost in ur thoughts,
still craving for the past to be my future again..

my love for you is strong enough but i am too weak to handle it.
because you are gone,far away......
ignoring what's inside of me,pretending i have moved on,
as if all the feelings for you i had once,
are somewhere gone.
but that's an escape from the reality,nothing else..
THE THIRD LEVEL
the truth is i can't let you go,
i tried to write some beautiful words for you as much as i could,
but my pen froze..
i dunno if its hard to forget someone you love,
because i have never tried,you are in my heart
and you will always be.
i can love no one except you,
my love is not the color of the leaves,
so it doesnot changes every season.

life is really hard without you
hope you could understand,no matter what you do to me,
i will miss you forever...

Tuesday, 10 May 2011

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ


মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ,
মোৰ নিজৰেই বিশ্বাসৰ বিশ্বাসঘাটকতা,
মোৰ বুকুৰ কোঠালি ৰন্ধ্ৰ,
তোমাৰ তীক্ষ্ন চোকা অস্ৰৰ আঘাতত ছিন্ন-বিচ্ছিন্ন এই হৃদয় খনি,
ৰঙীন সময়বোৰ এতিয়া বিবৰ্ণ,
এয়াই চাগে মোৰ সমাপ্তিৰ আগজাননি,
মৃত্যু ৰৈ আছে মোলে,
মোৰ এই জীৱন তোমাৰ হাতত তুলি দিলো,
তুমি অবিহনে মৄত্যুৰ শিখাৰে উজ্বল এই কৰুন মুখনি,
সেয়ে উজ্ব্লি থাকিম মই সদায়,
কিন্তু
মৃত্যুৰ শিখাৰে...... ||

Tuesday, 3 May 2011

ঐ ছোৱালী


ঐ ছোৱালী,
মোকো sms কৰা,
অলপ ৰোমান্টিক,অলপ আলসুৱা
অকন মৰমলগা মেছেজ বোৰ পঠোৱা,
মইটো পঠাই থাকো,
বেলেগ ন’হলেও ৰিপ্লাইটো কৰা |

ঐ ছোৱালী,
মোৰ তাতো wall post কৰা,
মোৰো আছে এটা ফেচবুক account,
অলপ হাঁহি,অলপ ধেমালি,
অলপ flirt  মোৰ লগতো কৰা,
বেলেগ ন’হলেও মোৰ পোষ্ট বোৰত like button টোকে মাৰা |
 
ঐ ছোৱালী,
মোৰ লগতো অলপ কথা পাতা,
জীৱনৰ তিতা কেঁহা কথা বোৰ,
মোৰ লগতো share  কৰা,
বুজিছো নাই balance তোমাৰ call  কৰিব’লে,
Atleast  মোৰ call বোৰ receive কৰা |

ঐ ছোৱালী,
মোকো এবাৰ ভাল পাই চোৱা,
কঁপাহৰ মাজত সাঁচি থোৱা,
মৰম খিনি এবাৰ অনুভৱ কৰা,
জুমি চালে প্ৰেমত পৰিবা তুমি,
মাথো ভাল পাবলে সুবিধাকন দিয়া ||

ক্ৰিকেটৰ প্ৰতি আমাৰ আসক্তি

ক্ৰিকেটৰ প্ৰতি আমাৰ আসক্তি চাওকচোন | খেলি থাকোতে ব’ল গৈ জংঘলত পৰিল কিন্তু বন্ধু ৰাজুই ব’ল বিচৰা অভিযানত নামি পৰিল ||আৰু সুফলো পালো || ব’লৰ লগত সি বেলেগ কিবাও বিচাৰি পালে...সেয়া নোকোৱাই ভাল || মই,পল,চানকি,ৰাজ আৰু উদ্ধাৰ অভিযানত নামি পৰা ৰাজু,আমি কিতাই আজি এক মধুৰ সন্ধিয়া কটালো ||

চিত্ৰ খনত ৰাজু

Thursday, 28 April 2011

বিহুত লগৰবোৰৰ সৈতে অকন ৰং ধেমালি


মোৰ প্ৰেম যেন দেবদাৰু

মোৰ প্ৰেম যেন দেবদাৰু,
হোৱাই নাছিল কিন্তু যেতিয়া হ’ল
ইমানেই বাঢ়ি গল যে মই ধৰি ৰাখিবই নোৱাৰিলো,
মোৰ প্ৰেম যেন দেবদাৰু, মোৰ প্ৰেম যেন দেবদাৰু||

বেদনা


আজিও মই প্রতাৰণাৰ বলি হলো,
যেতিয়া জীৱন যুজত পৰাজয় হৈ হৈ
ক্ষত বিক্ষত হৈছিলো,
তেতিয়া তুমি মোৰ জীৱনলে আহিছিলা।
আৰু দিছিলা প্রেৰণা,সাহস যুজ দিবলে,
আৰু হয় মই জয়ী হবলে ধৰিলো,
কিনতু আজি আকৌ হল মোৰ পৰাজয়,
তাকো তোমাৰ বাবে ৷৷
জীৱনৰ পুথিখন নপঢ়োটেই তুমি মোক শেষ পাত তুলে ঠেলি দিলা কিয়
অধিকাৰ কত পালা তুমি 
এটা জীৱনৰ চাকি নুমাই দিবলে????
আতৰি যোৱাই যদি পপীয়া তৰা এটা হৈ আহিছিলাই বা কিয়
ৰং চাবলে???মোৰ মৰমক ঠগিবলে???নে আন কিবা??
এনেকৈয়ে মোক নিঃশেষ কৰি তুমি পাবানো কি,,,,,,,,,,,,
তথাপি তোমাক ধন্যবাদ,
আন দহ জনৰ নিচিনা বেলেগ নিদিলেও
দি গ'লা মাথো বেদনাৰে ভৰা হিয়া এখনি৷৷

ফাগুনৰ বিদায়ৰ দুখ নে বহাগৰ আগমনৰ সুখ


মই যে দোমোজাত পৰিছো,
ফাগুন যাবৰেই হ’ল
এইবাৰ পছোৱা চোন তেনেকে নবলিলেই,
মেঘ ওনদোলাই আহিলে,
কিনতু পলাশ শিমলু বোৰ দেখিলে মনটো যে একেবাৰে ৰঙীন হৈ পৰে।

আৰু ফাগুন এৰি চ’ত পাৰ হৈ আহি আছে বহাগ,
লগতে আনিব আদৰৰ ৰঙালী বিহুটি,
অসমীয়া ডেকা গাভৰুৰ প্রেমেৰে ম’হৰ শিঙৰ পেপাটিৰ
সুৰত নাচি উঠা প্রেমে চৌদিশ ভৰাই তুলিব।
কিনতু ফাগুনৰ উতনুৱা বাত যে নিজকে ঢালি দি পলাশ শিমলু চুই
সানি উৰি যাবৰ মন যায়।
সৰা পাত বোৰক সোৱৰনী কৰি নতুন পাতৰ আগমন,
আবিৰেৰে ৰাঙলী হৈ ৰঙৰ নিচাত মাতাল হোৱা কেনেকৈ পাহৰো।

মই সঁচা কৈয়ে দোমোজাত পৰিছো
কি কৰো দুয়োটায়ে যে হেপাহৰ,
ফাগুনৰ বিদায়ৰ দুখ নে বহাগৰ আগমনৰ সুখ।

এডাল ৰেখা


এডাল ৰেখা,
জীৱনৰ তুচ্ছতাৰ মাজতো
বিচাৰি যাওঁ
ক’লা মেঘৰ মাজেৰে নিগৰি অহা,
ছিৰাল ফাট দিয়া বুকু খনিক আশা দেখুওৱা 


এডাল সৰল হেঙুলীয়া ৰেখা ||

তুমি অবিহনে


তুমি অবিহনে মোৰ হৃদয় ৰক্তস্ৰাৱী,
শুণ্যগৰ্ভ স্বপ্নৰ দুৰ্মদ প্ৰতিবাদ,
নিৰ্জন শুকান বনতো পুৰণি স্মৃতিবোৰৰ কোলাহল,
উকা চিয়াহীৰে ভৰা মোৰ প্ৰেম জীৱনৰ পাণ্ডুলিপি,
প্ৰতাৰিত সপোনৰ মুগ্ধছায়াত স্তব্ধ হৃদয়,
মাথো জানি লোৱা,সহজ নহয় তুমি অবিহনে মোৰ এই জীৱন ||

Monday, 25 April 2011

পৰিচয় বিহিন


লওতে লও প্ৰতিজ্ঞা আমি
যুঁজিম অন্যায়ৰ বিৰুদ্ধে,
কৰিম মিছাৰ সৈতে যুঁজ
সত্যৰ পথেৰে|
কিন্তু এই কথা,কথা হৈয়ে আছে,
মোৰ কলমেও এনেয়ে লিখি আছে|
এয়াই হয়তো সমাপ্তিৰ আগজাননী,
হৈ যাব সম্পূর্ণভাবে মহাত্মাৰ সমাপ্তি||

শুনিছিলো তাহানিতে মানুহে
দিছিল নিজৰ দেহ দেশৰ হকে,
কিন্তু এতিয়াচোন মৰনো নোখোজে,
নিজৰ স্বাৰ্থৰ হকে||
এয়াই হয়তো সমাপ্তিৰ আগজাননী
হৈ গ’ল সম্পূর্ণভাবে মহাত্মাৰ সমাধি,
ৰৈ যাম আমি নেদেখা অজান আন্ধাৰত,
হৈ যাম বিলুপ্ত মানুহৰ মাজে মাজে,
কোনো অচিন বেশত ||

তৰঙ্গম
(মই লিখা জীৱনৰ প্ৰথম কবিতাটি)