ঐ ছোৱালী,
মোকো sms কৰা,
অলপ ৰোমান্টিক,অলপ আলসুৱা
অকন মৰমলগা মেছেজ বোৰ পঠোৱা,
মইটো পঠাই থাকো,
বেলেগ ন’হলেও ৰিপ্লাইটো কৰা |
ঐ ছোৱালী,
মোৰ তাতো wall post কৰা,
মোৰো আছে এটা ফেচবুক account,
অলপ হাঁহি,অলপ ধেমালি,
অলপ flirt মোৰ লগতো কৰা,
বেলেগ ন’হলেও মোৰ পোষ্ট বোৰত like button টোকে মাৰা |
ঐ ছোৱালী,
মোৰ লগতো অলপ কথা পাতা,
জীৱনৰ তিতা কেঁহা কথা বোৰ,
মোৰ লগতো share কৰা,
বুজিছো নাই balance তোমাৰ call কৰিব’লে,
Atleast মোৰ call বোৰ receive কৰা |
ঐ ছোৱালী,
মোকো এবাৰ ভাল পাই চোৱা,
কঁপাহৰ মাজত সাঁচি থোৱা,
মৰম খিনি এবাৰ অনুভৱ কৰা,
জুমি চালে প্ৰেমত পৰিবা তুমি,
মাথো ভাল পাবলে সুবিধাকন দিয়া ||
No comments:
Post a Comment