মোৰ দেশৰ মাটিত
মিহলি হৈ যোৱা তেজবোৰৰ
পৰা মেলা গজালি বোৰ আপ্ৰান শক্তিৰে ভৰা |
একোটা বিকত চিঞৰৰ আৰৰ কাহিনী
শুনি ৰক্তোদ্যত হোৱা তাৰ দেহটো
মিহলি হৈ গ’ল ঘন কুঁৱলিত |
বছৰ বহু গ’ল,সি ঘুৰি নাহিল,
আৰু যেতিয়া আহিল , তেজেৰে তুমৰুলি তাৰ দেহা,
তথাপি লিখি থৈ গৈছিল বুকুত
আই অসমীৰ নাম |