( শব্দৰে খেলিবলৈ
শিকোৱা হীৰুদা লৈ শ্ৰদ্ধাৰে )
আজি আকাশ
মেঘাচ্ছণ্ণ,
সিও কান্দিব আজি
তোমাৰ বিদায়ৰ বেলা |
দেশে দেশে দেশ আছে,
গোটেই বিশ্ব-ব্ৰহ্মাণ্ড আজুৰি লৈ
নক্ষত্ৰ বোৰৰ মাজেৰে প্ৰস্থান কৰিলা
সাধুকথাৰ দেশলৈ |
সেউজীয়াৰ
গীত গাব কোনে,
নক্ষত্ৰ
বোৰৰ ধেমালী চাই,
হৃদয়
জুৰাবলৈ আজি তুমি ক’ত ?
ৰৌদ্ৰ
কামনা নকৰো,
পুৱাৰ
ৰৌদ্ৰজ্বলে যে তুমি বিহীন এটি
ৰাতিপুৱাৰ সম্ভেদ দিয়ে |
বাঁহীৰ
সুৰ থমকি ৰ’ল,
মৰহি
যাবলৈ নিদিওঁ
তোমাৰ
হৃদয়ত ৰুৱা গোলাপ ডাল ||
No comments:
Post a Comment