Sunday, 5 February 2012

অমল দাৰ বিয়া হ’বই

 -“অ’ বাবু, ক’ত যোৱা”- চাইকেলত উঠি বজাৰলৈ গৈ থাকোতে হঠাত্‍ পিচফালৰ পৰা মাতটো শুনি ৰলো | ঘুৰি চাই দেখো অমল দা দেখোন |
     এইখিনিতে অমল দাৰ কথা অলপ ক’ব লাগিব | অমল দা দৰা হ’বলৈ ওলাইছে |এসপ্তাহ পাছত তেওঁৰ বিয়া | ৫ বছৰৰ প্ৰেমে এতিয়া বিবাহৰ ৰূপ লব | আমাৰ ঘৰলে যেতিয়া বিয়াত মাতিবলৈ গৈছিল,কিযে ফুৰ্তি তেওঁৰ | প্ৰথমতে তেওঁৰ ঘৰত আপত্তি কৰিছিল যদিও অমল দাৰ তাগিদাত ঘৰত সেওঁ মানিবলৈ বাধ্য হয় | এতিয়া এসপ্তাহ পাছত সিহঁতৰ বিয়া | বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে | এতিয়া বিয়াখন হবহে বাকি | মোকো বিয়াৰ কাম কাজত লাগি দিব লাগিব বুলি আগতিয়াকৈ মাতিছে | হঠাত্‍ বজাৰত তেওঁক লগ পাই ভাল লাগিল |
  -“কিহে অমল দা , বিয়াৰ বজাৰ বুলি আহিছে নেকি ? উঠিপৰি লাগিছে যেনপাও ” হাঁহি এটা মাৰি ক’লো |
  -“ধেত্‍ নহয়, ব’লা চাহ খাই কথা পাতো”
 মইও ভালেই পালো –“ অ ঠিক আছে,বলক বলক” |
    মোৰ চাইকেলখন ষ্টেণ্ড কৰি দুয়ো চাহ দোকান এখনত সোমালো ,অমল দাই দুকাপ চাহ আৰু মিঠাইৰ অৰ্ডাৰ দিলে |
  -“ অ কওঁক, বিয়াৰ কাম কিমান আগবাঢ়িছে” |
-“ সেইবোৰ হ’ব ৰ’বা,তোমাক লগ পালো ভালেই হ’ল ”
-“ কিয়, কিবা কথা আছিল নেকি”
-“এহ, নক’বা আৰু ,বিয়া হ’ব লগা ছোৱালীজনী বেলেগৰ লগত পলাই গ’ল |”
কি ?? ”- মই আচৰিত হৈ সুধিলো-“ কিন্তু আপোনাৰ দেখোন প্ৰেম বিবাহ হোৱা কথা আছিল |আচৰিত,পিছে এতিয়া বিয়াৰ কি হ’ব | ৫ বছৰৰ প্ৰেমৰ পাছত ....নাই নাই নাই..আপুনি ধেমালী কৰিছে হইনে |”
-“ ধেমালী কৰা নাইও বাবু, বেটীয়ে মোক ঠগাই আছিল,আনকি দুয়োখন ঘৰৰ বিয়াৰ সকলো প্ৰস্তুতি হোৱাৰ পাছতহে পলাই যাবলৈ পালে |মোক চিনি পোৱা নাই, এসপ্তাহ পাছত মোৰ বিয়া হ’বই হ’ব , কেবল কইনাহে বেলেগ হ’ব |ময়ো দেখুৱাই দিম মই কি বস্তু বাপ্পেকে |” –অমল দাৰ সুৰত খং মিহলি হৈ আছিল |

   কথাখিনি শুনি মই তেওঁক অলপ থৰ হৈ চালো আৰু লাহেকে সুধিলো, “আপুনিও তলে তলে alternative হিচাবে বেলেগক চাই থৈ দিছিল নেকি |”

-“ সেইকাৰণেই তোমাক দেখি ৰখালো |তুমি এজনী কইনা চোৱা মোৰ বাবে,এসপ্তাহ পাছত বিয়াৰ দিনাই বিয়াখন পাতিম |”
-“মানে এসপ্তাহ পাছত বিয়া হ’বই,কিন্তু মই কইনা ক’ত পাম |”
_ “আৰে সৱকে কৈ ফুৰিছো,এইখিনি কৰি দিয়া মোৰ কাৰণে বাবু,এজনী কৰবাত চাই দিয়া |”
       চাহ, মিঠাই খাই আমি ওলাই আহিলো |
   “ অমল দা, চাম বাৰু কৰবাত পাওঁনে, কিন্তু এতিয়ালে বিয়াখন স্থগিত ৰাখি ভালকৈ কইনা এজনী চাই বিয়াখন পাতিলে ভাল নহ’ব নে |”
   - তেওঁ গুমৰি উঠিল , “কিয় হ’ব , নহ’ব |মুঠতে এক সপ্তাহ পাছত মোৰ বিয়াৰ দিনা, বিয়া হ’বই হ’ব |বাৰু এতিয়া বন্ধু এজনৰ তাত যাওঁ, ভনীয়েক এজনী আছে ,মোলৈ দিয়েনে সুধোগে ,তুমি বিচাৰিবা দেই ,মই গৈ থাকো এতিয়া |”
    -“ ঠিক আছে অমল দা, বিচাৰিম বাৰু, বজাৰ সামৰি মইও যাওঁ ঘৰলৈ |”

   এইবুলি বিদাই মাগিলো | বিয়াৰ সকলো যা-যোগাৰ হোৱাৰ পাছত তেনেকুৱা এটা সমস্যাত পৰা বাবে বেয়াও লাগিছিল |
         সেইদিনাৰ পাছত অমল দাৰ খবৰ পোৱা নাছিলো | আৰু হঠাত্‍ তেনেকৈ আৰু ছোৱালী চাই মেলি বিয়া দিয়া সম্ভাৱনাও কম দেখিছিলো |প্ৰতাৰিত হৈ আৱেগত চাগে তেওঁ সেই একে দিনাই বিয়া পাতিম বুলি ষ্ঠিৰ কৰিছিল |অমল দাই কিন্তু তেতিয়াও বিয়াৰ ৰভা আতৰাব দিয়া নাছিল|

    বিয়ালৈ তিনিদিন মান থাকোতে কলেজৰ পৰা আহি মোৰ টেবুলত বিয়াৰ চিঠি এখন দেখিলো | চিঠিখন নোখোলাকৈয়ে মাক সুধিলো কাৰ বিয়াৰ চিঠি | মায়ে হাঁহিলে আৰু একো নক’লে | চিঠি খন খুলি চাই মোৰো অৱস্থা হাঁহো নে কান্দো তেনেকুৱা হ’ল | অমল দাৰ বিয়াৰ চিঠি | চিঠি খন আগৰ খনৰ নিচিনাই, বিয়াৰ তাৰিখ আদি সকলো পূৰ্বৰ নিচিনাই  আছিল কিন্তু এইবাৰ তাত ’অমল ৱেদ‍চ মালা’ৰ ঠাইত ’অমল ৱেদচ লোনিমা’ আছিল |