Wednesday, 5 September 2012

লিমাৰিক


(১)
মহে কাইমৰেলি দুখুন তোমাক লেগিন মনত পৰে
এটা সময়ত তুমিও মোক সিনকে কাইম্‍ৰ মনত ভাহি উঠে
হঠাত্‍ আহিল প্ৰেম জীৱনত ধুমুহা
ভাঙি থৈ গেলা তুমি মোৰ কলিজা
সেইকাৰণে মহে কামৰেলি দুখুন মনতু কান্দি উঠ্‍বা খুজে |

(২)

হাড়ৰ ঘাম মাটিত পেলাই হাল বাই খাওঁ
মন্ত্ৰীগোটে বোলে এ.চি গাড়িৰে ধূলা উৰাই যাওঁ
কথা আমাৰ বৰ ৰসাল
ভুৱা প্ৰ্তিশ্ৰুতিৰ পকা কঠাল
ৰাতি বোলে টোপনি খতি হৈছে বিধানসভাত শুবলৈ যাওঁ | 

মাজনিশা ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ


যেতিয়া স্তব্ধ হয় জনজীৱন,
যেতিয়া শান্ত হৈ বলে বতাহ,
যেতিয়া জলামগ্ন হৈ পৰে গোটেইখন জোনৰ ৰূপালীৰে,
শিহৰণ সানে যেতিয়া জিলিৰ মাতে,
তেতিয়াই ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |

সেই সুৰত মিহলি হৈ থাকে
দিনটোৰ অজশ্ৰ কাহিনীবোৰ,
ঘৰ্মাক্ত হৈ সৰি পৰা প্ৰতি টোপাল ঘামবোৰেই যেন
একোটা একোটা কাহিনীৰ স্বৰূপ |

ক’ত জ্বলিছে জুই হিংসাৰ
কত ঘৰ-বাৰী পুৰি হ’ল ছাই
হাহাকাৰ কৰি উঠে নিষ্পাপ শিশুবোৰে
সিহঁতৰ কান্দোনৰ কলৰোল
পেটত গামোছা বান্ধি দিন কটোৱা
মাক-বাপেক হতেঁ ধ্বংস হোৱা
ধানৰ ভৰাল চাই,
মোহাৰি দিয়ে আশা নিজৰ
এখন সংসাৰ সুখৰ সুদূৰ ভৱিষ্যতৰ |

আইৰ চকু নিথৰ গোসাইঘৰৰ নুমাই যোৱা
চাকিগছিৰ ওপৰত |

প্ৰ্তিধ্বনি শুনো চৌপাশে
হিয়া ভগা কান্দোনৰ |

সেই কান্দোনবোৰেই সংমিশ্ৰিত হৈ
ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ |

এয়া মাথো আজিৰ ঘটনা নহয়,
দিনৰ শেষত যেতিয়া নিশা সকলো শান্ত হৈ পৰে
তেতিয়াও শুব নিদিয়ে বিষাদৰ সুৰটোৱে,
বিচনাত উঠি বহি ৰওঁ মই,
খিৰিকিখন খুলি উমান লবলৈ চেষ্টা কৰো
সুৰটোৰ সৃষ্টিস্থল |

এয়া কোন চিত্ৰগুপ্ত,
দিনৰ সকলো সময়বোৰ সমীৰৰ সোতঁত মেলি দিয়ে
নিজৰ কৰুণ হাতৰ পৰশত |

এতিয়া ৰদে নানে কঢ়িয়াই নতুন আশাৰ বতৰা
দিনবোৰ হৈ পৰিছে দাৱানল হিংসাৰ অমাৱশ্যা,
অথচ ম্লান পৰে যেতিয়া দিনটোৰ কোলাহ’ল
মাজনিশা ভাহি আহে তাৰ গীটাৰৰ ঝংকাৰ
সুৰ যাৰ বিষাদৰ ||


মন বৰষুনৰ


বৰষুন মানেই সৃষ্টি আন এক কবিতাৰ
শব্দ যাৰ শিৰমনিত আছে
অলেখ কাহিনী প্ৰেমৰ,কিছু সুখ কিছু দুখৰ |

বৰষুন আহিলেই আগুৰি ধৰে ভাবনা বোৰে,
খেপিয়াই ফুৰে অমগ্ন মনে স্মৃতিৰ কুশলী হাত |
ডাৱৰ ফালি ওলাই আহে টোপালবোৰ,
লগত লৈ আনে তাৰ অযুত স্বপ্ন
অথচ খবৰ লওঁতা কোনো নাই |

বৰষুন যাক আহিলেই বাহিৰলৈ ওলাই যাওঁ,
আকাশমুৱা হৈ মুদি দিওঁ চকু দুপাহি
ধৰি ৰাখো শৰীৰত সৃষ্টিৰ বিপুল সম্ভাৰ ||

আন এক পৰাজয়


যেতিয়া জীৱন যুজত
হৈ হৈ পৰাজয়,
ক্ষত বিক্ষত হৈছিলো
তুমি আহিছিলা এটি সাহস হৈ,প্ৰেৰণা দিবলৈ |
উভতি আহি আকৌ পৰাজয় বোৰক জয় কৰি
মেলি দিছিলো পাখি উচ্চ দিগন্তলৈ,
প্ৰথম প্ৰেমৰ উষ্ম বিচাৰি |
কিন্তু হঠাত্‍ মহাৰণখনত কটা গ’ল মোৰ পাখি,
আন এক পৰাজয়,সৰ্বশ্ব হেৰুৱা এক পৰাজয় |
আছিল শ্ৰুতি মধুৰ,সুৰ-তালেৰে ভৰা এখন জীৱনৰ পুথি,
নেমেলাকৈয়ে মোক শেষ পৃষ্ঠা লৈ ঠেলি দিলা |

গান গাই যাম, কবিতা ৰচি যাম,
এতিয়া পিচে আঙুলীৰ ফাকেৰে সৰি পৰিব শেৱালী
মোৰ গান-কবিতাত নাথাকিব প্ৰেমৰ মাধৈ-মালতী ||

It’s been years since I have been to my grandma’s village


A page in front of me and a pen in my hand,
Yet I couldn’t inscribe a word
They might not be enough
To match my emotions that is running high.

It’s been years since I have been to my grandma’s village
That old village of mine, where I feel I belong
The race against time has burdened up my life
Let the time cease and I want to be there.

Each flashes of my grandma’s village
Are crystal clear in my eyes,
I can remember every bit of it
Which nothing in the world could buy.

My heart goes to that village
The cattle’s grazing in the meadows
I could see myself thrilled in the paddy fields
And in the pond trying to catch the fishes around.

I would take a distant run and jump in the hays
I would ride the cattle’s pretending to be the cowboy,
And next the cowboy would chase me
And I am in my grandma’s arms in seconds.

I would feed the pigeons around
And do the unsuccessful milking of cows,
The sun sets and the moon would come up with her silver shine
I put down my head in grandma’s laps, my eyes closed.

It was the time for fairy tales
And my grandma would take me to the fairy land
I enter those strange lands in my thoughts
I would imagine myself being the prince.

Being the prince, I would go searching for that place
Where I would find my beautiful princess
The prince and princess would get together and there was a happy ending,
And the tiredness of the day would finally make me fall asleep.

Sometimes, I do get lost in those cogitates
Whenever I try to give it the form of a poem.
The paper and my pen remain as it was,
I could never write.

Its been years since I have been to my grandma’s village
And I know, there will never be a day when I will be there.