সি যেতিয়া একেথৰে চাই ৰৈছিল শিলডোখৰলৈ,
তাৰ ভিতৰৰ শিল্পীজনে দেখিছিল এজনী অপেশ্বৰী,
জ্বলি উঠিছিল জুই দেহৰ প্ৰতিটো
ৰন্ধে ৰন্ধ্ৰে ,
হাত মেলিছিল তাইলৈ হৃদয় জুৰাই |
আছিল মনত এক তীব্ৰ হাবিয়াহ,
আগুৱাই আহিছিল নিজৰ দক্ষ হাতৰ
স্পৰ্শ দিবলৈ,
বটালীৰে অকণ অকণকৈ এৰুৱাই গৈছিল
খোলাবোৰ ,
হাত বুলাইছিল তেওঁৰ পবিত্ৰ
অপেশ্বৰীজনীলৈ |
সেই মিঠা সপোনৰ স্বীকৃতি লৈ,
পাৰ হৈ যাব পাৰে বহু দিন বহু
বছৰ,
কিন্তু হৈ উঠিব এদিন তেওঁৰ
স্বপ্নৰ অনুৰাগ
ৰ’দ বৰষুণ নেওচি প্ৰতিঘাট|
তেওঁৰ বাসনা পূৰণ নোহোৱা
পৰ্যন্ত,
উত্তৰ দিছিল তেওঁৰ চকুৰ এটি ৰৌদ্ৰ
দৃষ্টিয়ে,
বটালীৰ কোমল পৰশত প্ৰাণ পাই উঠা
দেৱকন্যা গৰাকীৰ এটি মধুৰ আলিংগনৰ
পাছতহে সি উশাহ লৈছিল দীঘলকৈ,চকু
দুটা মুদিছিল গভীৰ প্ৰশান্তিত ||
No comments:
Post a Comment